Home Blogs Disease and Treatment কিডনী পাথৰত খাদ্যৰ প্ৰভাৱ

কিডনী পাথৰত খাদ্যৰ প্ৰভাৱ

By NS Desk | Disease and Treatment | Posted on :   02-Jan-2020

Dr. Brinchi Boruah, Drug House

কিডনী পাথৰ থকা ৰোগীৰ সততেই প্ৰশ্ন উদয় হয় যে কোনবোৰ খাদ্য অপকাৰী আৰু কোনবোৰ খাদ্য উপকাৰী। কাৰণ কিছুমান খাদ্য ৰ ব্যৱহাৰৰ ফলত কিডনী পাথৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে নতুবা সৃষ্টি কৰিব পাৰে। কিডনী পাথৰৰ ৰোগীৰ বাবে কোনবোৰ খাদ্য অপকাৰী আৰু কেনেকৈ অনিষ্ট সাধন কৰে আৰু কোনবোৰ খাদ্য উপকাৰী তাৰেই এটা চমুকৈ আভাস দিবলৈ চেষ্টা কৰা হল।

কিডনী পাথৰ হল ক্লিনিকেল প্ৰেক্টিচত সঘনাই পোৱা ৰোগ। মুঠ জনসংখ্যা ৰ প্ৰায় 2% জীৱনৰ কোনো সময়ত এই ৰোগত আক্ৰান্ত হয় আৰু মহিলাতকৈ পুৰুষৰ বেছি হয় । কিডনী পাথৰ কিডনিৰ কেলিস্ক , পেলভিচ, অথবা নামি আহি ureter ত লাগিব পাৰে , নতুবা urinary bladder ত ও পাথৰ হব পাৰে। ureter পাথৰে সম্পূৰ্ণ ৰূপে বন্ধ কৰিলে Hydronephrosis হৈ কিডনী বেয়া হৈ যাব পাৰে।

★★কিডনী পাথৰৰ ৰাসায়নিক গঠন অনুসৰি মূলতঃ চাৰি প্ৰকাৰৰ হব পাৰে :-

(১) কেলচিয়াম পাথৰ :- কেলচিয়াম পাথৰ হৈছে কিডনী পাথৰৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে পোৱা কিডনী পাথৰ। প্ৰায় 75% কিডনী পাথৰ এই কেলচিয়াম পাথৰ হয়। কেলচিয়াম পাথৰ কেলচিয়াম অক্সেলেট , নতুবা কেলচিয়াম ফচফেট ৰ দ্বাৰা গঠিত। এনে ৰোগীৰ প্ৰায় 50% ৰোগীৰ প্ৰেস্বাবত কেলচিয়াম বেছি পোৱা যায়।আৰু 10% ৰোগীৰ ক্ষেত্ৰত তেজ আৰু প্ৰেস্বাব দুয়োতে কেলচিয়ামৰ পৰিমান বেছি পোৱা যায়।

(২) মিশ্ৰিত পাথৰ ( Struvite ): এই পাথৰ সাধাৰণতে মূত্ৰ তন্ত্ৰৰ সংক্ৰমণ ৰ পৰিণতি হিচাপে গঠিত হব পাৰে। এনে পাথৰ প্ৰায় 15% ৰোগীৰ ক্ষেত্ৰত পোৱা যায়। এই ধৰণৰ পাথৰ সাধাৰণতে এমনিয়াম, কেলচিয়াম ফচফেট, মেগনেচিয়াম ৰ দ্বাৰা গঠিত।

(৩) ইউৰিক এচিড/ পিউৰিন পাথৰ :- প্ৰায় 6% কিডনী পাথৰ ইউৰিক এচিডৰে গঠিত। তেজ আৰু প্ৰেস্বাবত ইউৰিক এচিড ৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে এনে পাথৰ গঠন হব পাৰে , তাৰোপৰি মূত্ৰৰ পৰিমাণ কমিলে, প্ৰেস্বাব ৰ অম্লতা বৃদ্ধি পালেও এনে পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

(৪) চিষ্টাইন পাথৰ :- মুঠ পাথৰৰ প্ৰায় 2% এনে পাথৰ হব পাৰে। এই ধৰণৰ পাথৰ সাধাৰণতে জিনৰ বিসংগতি ৰ বাবে হয়।

(৫) অন্যান্য < ২%

★★কিডনী পাথৰ ৰোগীৰ বাবে অপকাৰী খাদ্য :-

ইতিমধ্যে ই কিডনী পাথৰৰ প্ৰকাৰৰ বিষয়ে আলোচনাত উল্লেখ কৰা হৈছে যে কিডনী পাথৰ কেলচিয়াম অক্সেলেট, ইউৰিক এচিড আদিৰ দ্বাৰা গঠন হয়। যিবিলাক খাদ্যত অক্সেলেট বেছি পৰিমাণে থাকে তেনেবোৰ খাদ্যৰ অধিক ব্যৱহাৰৰ ফলত কেলচিয়াম অক্সেলেট পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি প্ৰেস্বাব ত অক্সেলেট ৰ পৰিমাণ বেছি থাকে তেতিয়া অক্সেলেট বেছি পৰিমাণে থকা খাদ্য এৰাই চলিলে কিডনী পাথৰ হোৱাৰ সম্ভাৱনীয়তা হ্ৰাস কৰে। তাৰোপৰি পিউৰিন / ইউৰিক এচিড বেছি থকা খাদ্য বেছিকৈ গ্ৰহন কৰিলে প্ৰেস্বাব ত ইউৰিক এচিড ৰ পৰিমাণ বৃদ্ধি পায় ফলত ইউৰিক এচিড পাথৰ অথবা অক্সেলেট পাথৰ সৃষ্টি হব পাৰে।

★ কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা অক্সেলেট বেছি থকা খাদ্য :-

(১) পালেং শাক

(২) বিলাহী

(৩) আমলখি

(৪) কাজুবাদাম

(৫) তিয়হ

(৬) কচু

(৭) ভেণ্ডী

★ কেলচিয়াম ফচফেট পাথৰৰ ক্ষেত্ৰত যদি প্ৰেস্বাবত কেলচিয়াম ৰ পৰিমাণ বেছি থাকে তেনে ক্ষেত্ৰত কেলচিয়াম ফচফেট পাথৰ গঠনৰ সম্ভাৱনা হ্ৰাস কৰিব বাবে ফচফৰাচ বেছি থকা খাদ্য ৰ পৰিমাণ সীমিত কৰিব লাগে ।ফচফৰাচ বেছি পৰিমাণে থকা খাদ্য :-

(১) মাংস , মাছ, হাহঁ- কুকুৰা

(২) গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী

(৩) বিন, দালি, বাদাম

(৪) Oatmeal, Bran Cereals

(৫) কলা, শীতল পনীয়া

তাৰোপৰি বহুতো পেকেট খাদ্য ত ফচফৰাচ থাকে।সেয়ে পেকেট খাদ্য সমূহ খোৱাৰ আগতে তাত থকা ফচফৰাচ ৰ পৰিমাণ নিৰিক্ষণ কৰি লব লাগে।

★ কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা পিউৰিন/ ইউৰিক এচিড বেছি থকা খাদ্য :-

(১) ফুলকবি

(২) ৰঙালাও

(৩) কাঠফুলা

(৪) বেঙেনা , ইত্যাদি ( ইউৰিক এচিড আমি খোৱা খাদ্য ত থকা পিউৰিন নামৰ এক তত্বৰ বিপাকীয় দ্ৰব্য । পিউৰিন বেছি পৰিমাণে থকা খাদ্যৰ বিষয়ে বিতংকৈ জানিবলৈ ইউৰিক এচিড ৰ ওপৰত লিখা মোৰ লিখনি টো পঢ়িব পাৰে )

★★ কিডনী পাথৰৰ ৰোগীৰ বাবে বিশেষ ভাবে উপকাৰী কিছুমান খাদ্য:-

""""""""""""""""""""""""""""""""

(১) নাৰিকলৰ পানী :- নাৰিকলৰ পানীত থকা বিশেষ তত্ব ই পাথৰ গঠন কৰা বিভিন্ন মিনাৰেল গোট মৰাত বাধা দিয়াৰ লগতে গোট মৰা মিনাৰেল পৃথক কৰে।

(২) মাকৈৰ চুলিৰ চাহ :- ইয়াত টাৰট্ৰাটেচ থাকে যি কিডনী পাথৰ গঠন হোৱাত বাধা দিয়ে আৰু মূত্ৰল ( diuretic ) গুন আছে।

(৩) বাৰ্লি :- মূত্ৰল গুন আছে আৰু পাথৰ গঠনত বাধা দিয়ে।

(৪) মাটিকঠালৰ ৰস :- ইয়াত থকা বিশেষ এনজাইমে ফাইব্ৰিন ভাঙে আৰু পাথৰ গঠনত বাধা প্ৰদান কৰে। ইয়াত থকা ডায়েটাৰী ফাইবাৰে প্ৰেস্বাব ৰ দ্বাৰা কেলচিয়াম নিষ্কাষণৰ পৰিমাণ কমাই।

(৫) কল :- কল ভিটামিন B ৰে সমৃদ্ধ যি অক্সেলিক এচিড ভাঙে আৰু পাথৰ গঠনত বাধা প্ৰদান কৰে।

(৬) এলমণ্ড :- মেগনেচিয়াম আৰু পটেচিয়াম যথেষ্ট পৰিমাণে আছে যি পাথৰ গঠনত বাধা প্ৰদান কৰে।

(৭) নেমু :- নেমুত চাইট্ৰেট থকে আৰু কেলচিয়াম অক্সেলেট গঠনত বাধা দিয়ে।

(৮) গাজৰ :- গাজৰত পাইৰফছফেট থাকে যি পাথৰ গঠনত বাধা দিয়ে। তাৰোপৰি গাজৰত ভিটামিন A থাকে , ভিটামিন A ৰ অভাৱত মূত্ৰথলীৰ পাথৰ সৃষ্টি হব পাৰে।

(৯) কুলত্থ দালি : - পাথৰ গঠনত বাধা দিয়ে।

(১০) তিতাকেৰেলা :- পাথৰ গঠনত বাধা দিয়ে।

চিকিৎসাৰ বাবে যোগাযোগ কৰক :-

Dr Brinchi Boruah

BAMS , MD ( Ayurved )

Ph - 8011676392

লগ পাবলৈ যোগাযোগ কৰক

> ড্ৰাগ হাউচ , থানা তিনিআলি , ধেমাজি

> মহৰ্ষি আয়ুৰ্বেদিক আৰু অৰগেনিক

বাজাজ ডিলাৰৰ সন্মুখত, এন টি ৰোড

লক্ষীমপুৰ ,

( প্ৰতি দেওবাৰে )

For appointment visit link

https://nirogstreet.com/clinic/dhemaji/drug-house#...

डिस्क्लेमर - लेख का उद्देश्य आपतक सिर्फ सूचना पहुँचाना है. किसी भी औषधि,थेरेपी,जड़ी-बूटी या फल का चिकित्सकीय उपयोग कृपया योग्य आयुर्वेद चिकित्सक के दिशा निर्देश में ही करें।