Home Blogs Disease and Treatment ডায়েবেটিক নেফ্ৰপেথি প্ৰতিৰোধ আৰু চিকিৎসা

ডায়েবেটিক নেফ্ৰপেথি প্ৰতিৰোধ আৰু চিকিৎসা

By NS Desk | Disease and Treatment | Posted on :   27-Dec-2019

জীৱন শৈলী আৰু খাদ্যাভ্যাসৰ পৰিবৰ্তন ৰ লগে লগে দিনক দিনে ডায়েবেটিচ ৰোগীৰ সংখ্যা বৃদ্ধি হবলৈ ধৰিছে । ডায়েবেটিচ ৰোগীৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে থিক তেনেদৰেই বৃদ্ধি পাইছে ডায়েবেটিক কিডনী ৰোগৰ ৰোগীৰ সংখ্যা। বহুতো ডায়েবেটিচ ৰোগী কেৱল ডায়েবেটিক নেফ্ৰপেথিৰ বাবেই প্ৰাণ হেৰুৱাব লগীয়া হয় আৰু বহুতে নিয়মীয়া কৈ সপ্তাহত দুই তিনি বাৰ নতুবা সপ্তাহত বা পষেকত এবাৰকৈ ডায়েলাইচিচ কৰি জীৱনৰ শেষ পৰ্যায়লৈ কষ্ট ভূগাৰ লগতে গাঠিৰ ধন ভাঙিব লগা হয় ।

ডায়েবেটিচ আৰু ডায়েবেটিক নেফ্ৰপেথি সম্পৰ্ক ?

Chronic Kidney Disease বিভিন্ন কাৰণত হয় যদিও ডায়েবেটিক কিডনী ৰোগ বেছিকৈ হব ধৰিছে । তেজত একেৰাহে বৃদ্ধি পায় থকা গ্লুকজেই ডায়েবেটিক কিডনী ৰোগৰ বাবে দায়ী। অত্যাধিক পৰিমাণে বাঢ়ি থকা তেজৰ গ্লুকজে কিডনীৰ সূক্ষ্ম কাৰ্য্যকাৰী কোষ নেফ্ৰণৰ তেজ চলাচলত প্ৰভাব পেলোৱাৰ লগতে গ্লমেৰুলাছৰ আকৃতিৰ পৰিৱৰ্তন ঘটাই।ফলত এজন ডায়েবেটিচ ৰোগীৰ কিডনী তেজ চলাচল ৰ সূক্ষ্ম সিৰা বিলাকৰ ক্ষতি সাধন কৰাৰ লগতে গ্লমেৰুলাছ যিয়ে চিলনী ৰ কাম কৰে সেই আংশৰ আকৃতিৰ পৰিৱৰ্তন ঘটাই ক্ষতিগ্ৰস্ত কৰি কিডনী ৰ কাৰ্য্য ক্ষমতা কমাই দিয়ে আৰু ডায়েবেটিক কিডনী ৰোগৰ সৃষ্টি কৰে।

যদিও ডায়েবেটিচ ৰোগী এজনৰ কিডনী ৰোগ বহু বছৰৰ পিছতহে দেখা দিয়ে তথাপি কৰ্য্যক্ষেত্ৰত কিন্তু বহুত ৰ ক্ষেত্ৰত বহু সোনকালে ডায়েবেটিক কিডনী ৰোগত আক্ৰান্ত হোৱা দেখা যায়।ইয়াৰ এটা প্ৰধান কাৰণ হৈছে বহু সময়ত ডায়েবেটিচ ৰোগ বহু পলমকৈ ধৰা পৰে আৰু ডায়েবেটিচ ৰোগ ধৰা পৰালৈ কিডনী হয়তো বহু পৰিমাণে ক্ষতি হয়।সেয়ে পৰাপক্ষত যিসকল ব্যক্তিৰ ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে তেখেতে সকলে এটা নিৰ্দিষ্ট সময়ৰ ( বছৰি অথবা ছয় মাহৰ) মূৰে মূৰে তেজৰ গ্লুকজৰ পৰিমাণ পৰীক্ষা কৰিব লাগে ।

উপৰত উল্লেখিত কাৰণ ৰ ওপৰিও আন্য কাৰণতো ডায়েবেটিচ ৰোগী এজন ৰ কিডনী ৰোগ সোনকালে দেখা দিব পাৰে যদিহে ÷÷÷÷

★★ চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিলে বিশেষকৈ বিষৰ ঔষধ , কিছুমান এণ্টিবয়টিক , PPI জাতীয় কিছুমান গেষ্ট্ৰিকৰ ঔষধ ইত্যাদি।

★ তেজত গ্লুকজৰ পৰিমাণ অত্যাধিক পৰিমাণে বৃদ্ধি পাই থাকে।

★ ব্লাড প্ৰেছাৰ স্বাভাবিকত কৈ বেছি হৈ থাকে।

★ ধূম্ৰপান কৰিলে।

★ ডায়েবেটিচ ৰ খাদ্য তালিকা মতে আহাৰ গ্ৰহণ নকৰিলে আৰু নিমখ বেছি থকা খাদ্য বস্তু খালে।

★ শাৰীৰিক শ্ৰম নকৰিলে, মেদ বহুল হলে।

◆◆ ডায়েবেটিক নেফ্ৰপেথি ৰ লক্ষণ :


ডায়েবেটিক নেফ্ৰপেথি যদিও লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ধৰা পৰে তথাপি ডায়েবেটিচ ৰোগী এজনৰ তলত দিয়া লক্ষণ সমূহ দেখা দিলে ডায়েবেটিক নেফ্ৰপেথি সন্দেহ কৰা হয়। এই লক্ষণ সমূহ :-

* ফেনযুক্ত পেছাব হলে

* অন্য কাৰণ নোহোৱাকৈ পেছাবত প্ৰটিন গলে

* ডায়েবেটিক ৰেটিনপেথিত ভূগিলে

* সহজতে ভাগৰুৱা লগা আৰু এলবুমিন কমি যোৱাৰ বাবে ভৰি ফুলা

* ডায়েবেটিচ ৰোগীৰ অন্য ৰোগ যেনে উচ্চ ৰক্তচাপ, Coronary Artery Disease, Peripheral vascular occlusive Disease দেখা দিলে ডায়েবেটিচ ৰোগীৰ ডায়েবেটিক নেফ্ৰপেথি হব পাৰে বুলি সন্দেহ কৰা হয় আৰু পৰীক্ষা কৰিব দিয়া যায়।

লেবৰেটৰী পৰীক্ষা :


বহু সময়ত ডায়েবেটিক কিডনী ৰোগৰ লক্ষণ দেখা নোপোৱা কৈয়ে ৰোগ বিধ ভিতৰি ভিতৰি বাঢ়ি গৈ থাকে আৰু কিডনী ৰোগৰ লক্ষণ দেখা দিয়ালৈ কিডনিৰ বহুখিনি ক্ষতি সাধন কৰে আৰু চিকিৎসা ও জটিল হৈ পাৰে।সেয়েহে এজন ডায়েবেটিচ ৰোগীয়ে বছৰত এবাৰ কৈ হলেও কিডনী ৰোগৰ বাবে পৰীক্ষা কৰিব লাগে।

ইয়াৰ বাবে তেজৰ ক্ৰিয়েটিনিন আৰু পেছাবৰ এলবুমিন পৰীক্ষা কৰা হয়।ডায়েবেটিক কিডনী ৰোগত প্ৰথম অৱস্থাত পেছাবত মাইক্ৰএলবোমিনোৰিয়া (30-299 mg/ 24 hour ) দেখা যায় যদিও এই অবস্থাত ক্ৰিয়েটিনিন ৰ পৰিমাণ স্বাভাৱিক থাকে।এই অৱস্থাতে যদি ডায়েবেটিক কিডনী ৰোগী জনে চিকিৎসকৰ পৰামৰ্শ মতে আয়ুৰ্বেদিক ঔষধ সেৱন কৰিলে কিডনী ৰোগ অগ্ৰসন হোৱাত বাধা দিয়াৰ লগতে ভবিষ্যতে ডায়েলাইছিছ কৰিব নলগাকৈ জীৱন যাপন কৰিব পাৰে।

পেছাবত যেতিয়া মাইক্ৰএলবুমিনোৰিয়া ৰ পৰিমান বাঢ়ি 300mg/ 24 ঘণ্টা ত কৈ বেছি হয় তেতিয়া ক্ৰমাৎ তেজৰ ক্ৰিয়েটিনিন বৃদ্ধি হবলৈ ধৰে।

ডায়েবেটিক নেফ্ৰপেথি ধৰা পেলাবলৈ সাধাৰণতে তলত দিয়া পৰীক্ষা সমূহ কৰিবলৈ পৰামৰ্শ দিয়া হয় :-

* Urinalysis - 24 Hour urinalysis for urea, creatinine , and protein, GFR estimation

* Urine microscopy

* Blood test including Renal Function Test, calculation of GFR , serum electrolytes

* Serum and urine electrophoresis

* Renal Ultrasonography

* Renal Biopsy

★চিকিৎসা :-


ডায়েবেটিক নেফ্ৰপেথি হৈ Renal Failure অথবা End Stage Renal Disease হলে Dialysis - Haemodialysis , Paretonial Dialysis অথবা কিডনী পুনসংৰোপণ Kidney transplantation কৰিব লগা হয়।

আয়ুৰ্বেদিক চিকিৎসা ৰ জৰিয়তে ডায়েলাইচিচ নকৰাকৈ কেৱল ঔষধ আৰু পঞ্চকৰ্ম চিকিৎসাৰ জৰিয়তে ক্ৰিয়েটেনিন আৰু ইউৰিয়া কম হয় নতুবা বৃদ্ধি নোপোৱাকৈ একে অৱস্থাত ৰাখিব পাৰে । অৱশ্যে প্ৰায়বিলাক ডায়েবেটিচ ৰোগী ৰোগৰ আৰম্ভনিতে অন্য চিকিৎসা অথবা এলপেথিক চিকিৎসাৰ ফালে ধাৱমান হয় , ফলত সেই সকল ৰোগীয়ে কিডনী ৰোগৰ আয়ুৰ্বেদিক ফলপ্ৰসূ চিকিৎসা নাপায়। বহু সংখ্যক ৰোগীৰ যেতিয়া Creatinine বাঢ়ি 8 -9 পায় অথবা Dialysis কৰিবলৈ দিয়ে তেতিয়া আয়ুৰ্বেদিক চিকিৎসা ৰ বাবে আহে । তেনে ক্ষেত্ৰত যি সকল ৰোগী ডায়েলাইচিচ নকৰাকৈ আয়ুৰ্বেদিক চিকিৎসা আৰম্ভ কৰে সেই সকলৰ চিকিৎসাত বেছি সুফলতা পোৱা যায়। ডায়েলাইচিচ কৰা সকলৰ ক্ষেত্ৰত ডায়েলাইচিচ ৰ ব্যৱধান বৃদ্ধি কৰিব পৰা যায়। ডায়েবেটিক নেফ্ৰপেথিক আয়ুৰ্বেদিক চিকিৎসা ত বৃক্ক আময় , শোথ ৰোগৰ অনুৰূপ চিকিৎসা কৰা হয় । ইয়াৰ বাবে ছেদন , বাতঅনুলুমন , সাম্যক মূত্ৰল , ৰাসায়ন, বল্য, পাছন ঔষধ ব্যৱহাৰ কৰা হয়। অধিক তথ্যৰ বাবে আৰু চিকিৎসাৰ বাবে তলত দিয়া লিংক চাওক।

https://nirogstreet.com/clinic/dhemaji/drug-house

ডায়েবেটিক নেফ্ৰপেথি ৰ ফলত ডায়েবেটিচ ৰোগ ধৰা পৰা লগে লগেই চিকিৎসকৰ পৰামৰ্শ মতে আয়ুৰ্বেদিক ঔষধ সেৱন কৰিলে ডায়েবেটিচ ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ লগতে ভবিষ্যতে যাতে ডায়েবেটিচ জন্য উপসৰ্গ যেনে ডায়েবেটিক কিডনিৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে ঔষধ সেৱন কৰিব পাৰে

ডায়েবেটিক কিডনী ৰোগ প্ৰতিৰোধ ÷


◆ ক্ৰিয়েটিনিন স্বাভাৱিক থাকিলেও ডায়েবেটিচ ৰোগীৰ ডায়েবেটিক কিডনী ৰোগৰ প্ৰৰম্ভিক অৱস্থাত থাকিব পাৰে। এনে ক্ষেত্ৰত ডায়েবেটিচ ৰোগী এজনে কিডনিৰ ওপৰত ঔষধে কৰা ক্ষতিৰ পৰা বাচিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতেহে যিকোনো ঔষধ ( হাৰ্বেল ঔষধ, আয়ুৰ্বেদিক, এলপেথিক ঔষধ ) ব্যৱহাৰ কৰিব লাগে আৰু খাদ্য আৰু ফলমূল ইত্যাদি ও এজন খাদ্য পৰামৰ্শ দাতাৰ ( Dietician ) মতেহে ব্যৱহাৰ কৰিব লাগে। হাৰ্বেল ঔষধ, এলপেথিক, আয়ুৰ্বেদিক ঔষধ ইত্যাদি কেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব লাগে।

◆ তেজৰ গ্লুকজৰ পৰিমাণ কঠোৰ ভাবে নিয়ন্ত্ৰণ ত ৰাখিবলৈ চেষ্টা কৰিব লাগে। খালী পেটৰ তেজৰ গ্লুকজৰ পৰিমাণ 80 -130 mg/dl ৰ ভিতৰত আৰু ভাত খোৱাৰ পাছৰ তেজৰ গ্লুকজৰ পৰিমাণে 180 mg/dl ত কৈ কম ৰাখিবলৈ যত্ন কৰিব লাগে। যদি বাঢ়ি থাকে তেন্তে আয়ুৰ্বেদিক চিকিৎসা ৰ বাবে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতহে ঔষধ সেৱন কৰিব লাগে অথবা পৰামৰ্শ লৈ থকা চিকিৎসকক লগ কৰি ঔষধ সেৱন কৰিব লাগে।

◆ ব্লাড প্ৰেছাৰ নিয়মিয়াকৈ জোখাই থাকিব লাগে আৰু 140/90 mm hg ( মিলি মিটাৰ পাৰা ) ত কৈ কম ৰাখিব চেষ্টা কৰিব লাগে, যদি বাঢ়ি থাকে তেন্তে চিকিৎসাকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰি ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখিব লাগে।

◆ ধূম্ৰপান ত্যাগ কৰিব লাগে আৰু নিমখ বেছি বেছি থকা খাদ্য পৰিহাৰ কৰিব লাগে।

◆ দৈনিক ব্যায়াম কৰিব লাগে।

◆ চিকিৎসকক দেখা কৰিব যাওঁতে বিগত সময়চোৱাত স্বাস্থ্য সম্ভন্ধীয় দেখা দিয়া অসুবিধা সমূহ ভালদৰে মনত পেলাই জনাব লাগে, লগতে কিডনী ৰোগৰ অগ্ৰসনৰ বিষয়ে ও জানি লব লাগে, প্ৰয়োজন সাপেক্ষে GFR, গ্লমেৰুলাৰ ফিলট্ৰেছন ৰেট, এলবঙমিনোৰিয়া, ইত্যাদি জানি লব লাগে।

◆ পৰাপক্ষত চিকিৎসকৰ পৰা কি খাব পাৰি অথবা নোৱাৰি এখন তালিকা লব লাগে। প্ৰয়োজন সাপেক্ষে খাদ্য পৰামৰ্শদাতা ( Dietician ) ৰ পৰামৰ্শ লব লাগে।

◆ যিকোনো হাৰ্বেল ঔষধ, আয়ুৰ্বেদিক ঔষধ, এলপেথিক ঔষধ এজন আয়ুৰ্বেদিক অথবা এলপেথিক চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব লাগে।

◆ নিয়মিত পেছাব পৰীক্ষা আৰু তেজৰ ক্ৰিয়েটিনিন পৰীক্ষা কৰাব লাগে আৰু মাইক্ৰএলবোমিনোৰিয়া ধৰা পৰাৰ লগে লগে আয়ুৰ্বেদিক চিকিৎসা কৰিলে যথেষ্ঠ সুফল পোৱা যায়।আৰু বহু ক্ষেত্ৰত ডায়েলাইচিছ নকৰাকৈ ও সুস্থ হৈ থাকিব পাৰে।

উক্ত নিয়ম সমূহ মানি চলিলে আৰু উচিত সময়ত চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিলে এজন ডায়েবেটিচ ৰোগীয়ে ভবিষ্যত হব পৰা ডায়েবেটিক কিডনী ৰোগ ৰোধ কৰাৰ লগতে যদি তেখেতে ইতিমধ্যে ডায়েবেটিক কিডনী ৰোগত আক্ৰান্ত ও হৈছে তেতিয়া ও ৰোগ বিধ আৰু বাঢ়ি নোযোৱাকৈ একে অবস্থাত ৰাখিব পাৰে আৰু ডায়েলাইছিছ নকৰাকৈ সুস্থ জীৱন যাপন কৰিব পাৰে।ডায়েবেটিক কিডনী ৰোগৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা ৰ দ্বাৰা যথেষ্ঠ সুফল পাব পাৰি লগতে ডায়েলাইছিছ নকৰাকৈ সুস্থ জীৱন যাপন কৰিব পাৰে।

DR. BRINCHI BORUAH

MD(Ayurveda)

* চিকিৎসা পৰামৰ্শৰ বাবে তলৰ লিংকত ক্লিক কৰক

https://nirogstreet.com/clinic/dhemaji/drug-house

डिस्क्लेमर - लेख का उद्देश्य आपतक सिर्फ सूचना पहुँचाना है. किसी भी औषधि,थेरेपी,जड़ी-बूटी या फल का चिकित्सकीय उपयोग कृपया योग्य आयुर्वेद चिकित्सक के दिशा निर्देश में ही करें।